1.10.2020

দেশ বনাম চৰকাৰ by সংঘমিত্ৰা নাথ


দেশ বনাম চৰকাৰ 

( সংঘমিত্ৰা নাথ )


---------------------------

আজিকালি social mediaত প্ৰায়েই এটা‌ কথা শুনি থাকো- "দেশ কে গদ্দাৰ " (desh ke gaddar)।  অৰ্থাৎ , দেশৰ বিৰূদ্ধাচাৰণ কৰা ব্যক্তি সকল । দেশদ্ৰোহী সকল । এই প্ৰসংগত ‌আজি মোৰ blog ত, মই অতি চমুকৈ কিছুমান কথা কব খোজো :

মোৰ বোধেৰে, 
দেশ মানে চৰকাৰ নহয়। 
দেশ আৰু চৰকাৰ‌ একে 
নহয়, কেতিয়াও এক হব নোৱাৰে । 
যিদৰে মা আৰু সন্তান এক নহয়।

আমাৰ দেশ, আমাৰ মাতৃভূমি, আমাৰ জন্মভূমি ।
"জননী জন্ম ভূমিশ্চ স্বৰ্গাদপি গৰীয়সী " ।

আমাৰ মাতৃভূমিৰ মাজত ঈশ্বৰে যেন সকলো
স্নেহ, ভালপোৱা, আবেগ, অনুভূতি, দৰদ, মায়া-মমতা,
সৌন্দৰ্য একাকাৰ কৰি দিছে ।

আমাৰ চৰকাৰ, সেই  দেশমাতৃৰে সন্তান ।
মাতৃভূমি সদায় এগৰাকীয়ে হয়, কিন্তু
চৰকাৰ বহুত  হব পাৰে ( ই পৰিবৰ্তনশীল)।
চৰকাৰ যিমানেই বদলি নহওঁক,
দেশ সদায়‌ একেখনেই থাকে ।
দেশৰ বিকল্প নাই, কিন্তু চৰকাৰৰ বিকল্প আছে ।

সন্তান যিমানেই ক্ষমতাশালী নহওঁক কিয় অথবা
যিমানেই মাতৃৰ হৈ ডাঙৰ ডাঙৰ কথা 
নকওক কিয়, তেওঁ কেতিয়াও মাতৃৰ স্থান
লব নোৱাৰে ।
মাতৃ  আমাৰ, মাতৃভূমি আমাৰ 
পূজণীয়, আমাৰ আবেগ, 
আমাৰ বিবেক, 
কিন্তু, সন্তান নহয়।
সন্তান হৈছে ভুল ত্ৰুটি কৰিব পৰা জনসাধাৰণৰ এজন ।
সন্তানক ইমানখিনি সম্মান দিয়াৰ 
আগতে আমি বিচাৰ কৰি চাব লাগিব যে
তেওঁ সেই সম্মানৰ যোগ্য হয় নে নহয়।

সেইবাবেই, চৰকাৰক সমালোচনা কৰা বা
চৰকাৰৰ বিৰূদ্ধাচাৰণ কৰা
মানে দেশক সমালোচনা কৰা নুবুজায় ।
----




                      

2 comments:

  1. Tumi likhecho dekhe khub khushi holam. Er karone aami nijer bangla podar boi khata niye boshlam. Besh mushkile podlam kichu ta.
    Bangla poda kore ferot ashbo podte ☺

    ReplyDelete
    Replies
    1. Ami asomiya bhasa likhechi. Amar baba Bangali maa Asomiya😊 nijer bhasa shekha ( bolte o likhte shekha) ekta khubo bhalo proyash,tumi shesta koro, parbe 💚

      Delete

comment moderation is on